9 অধ্যায়
লোকসকলে কৰা পাপ। ইজ্ৰাৰ প্ৰাৰ্থনা।
1 সেই সকলো কাৰ্য যেতিয়া সমাপ্ত হ’ল, তেতিয়া কৰ্মচাৰীসকলে মোৰ ওচৰলৈ আহি ক’লে, “ইস্ৰায়েল লোকসকলে, পুৰোহিতসকলে, আৰু লেবীয়াসকলে আন দেশীয় ঘিণলগীয়া কাৰ্য ত্যাগ কৰা নাই; যেনে কনানীয়া,হিত্তীয়া, পৰিজ্জীয়া, যিবুচীয়া, অম্মোনীয়া, মোৱাবীয়া, মিচৰীয়া, আৰু ইমোৰীয়া লোকসকলৰ অতিশয় ঘিণলগা কাৰ্যৰ পৰা নিজকে পৃথকে ৰখা নাই।
2 কাৰণ পবিত্র লোকসকলে তেওঁলোকৰ কিছুমান ল’ৰা-ছোৱালীৰ বিবাহত এনেদৰে আন দেশৰ লোকসকলৰ সৈতে সম্বন্ধ স্থাপন কৰে। এই অৱিশ্বাসী কাৰ্যত কৰ্মচাৰী আৰু মূখ্য লোকসকলে আগভাগ লয়।”
3 মই এই কথা শুনি মোৰ কাপোৰ আৰু চোলা ফালিলোঁ, আৰু মোৰ মুৰৰ চুলি ও দাঢ়ি ছিঙি যোৱাকৈ টানিলোঁ। তাৰ পাছত লাজত বহি পৰিলোঁ।
4 অবিশ্ৱাসী কাৰ্যৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰে কোৱা কথাত যিসকল লোক ভয়ত কঁপিছিল তেওঁলোকে মই গধূলিৰ বলিদানৰ সময়লৈকে বহি থকা ঠাইত গোট খালে।
5 কিন্তু গধূলিৰ বলিদানৰ সময়ত, মই লজ্জিত অৱস্থাৰ পৰা ফটা কাপোৰ আৰু চোলাৰ সৈতে থিয় হৈ মোৰ হাত ওপৰ কৰি ঈশ্বৰ যিহোৱাৰ আগত আঁঠুকাঢ়িলোঁ।
6 মই কলোঁ, “হে মোৰ ঈশ্বৰ, মই আপোনাৰ সন্মুখত মুখ তুলিবলৈ অতি লজ্জিত আৰু দুখিত হৈছোঁ। কিয়নো আমাৰ অপৰাধবোৰ বৃদ্ধি পাই সীমা চেৰাই গৈছে, আৰু আমাৰ দোষবোৰ বাঢ়ি গৈ আকাশ স্পৰ্শ কৰিছে।
7 আমাৰ পুৰ্ব্ব-পুৰুষৰ দিনৰে পৰা আজি পৰ্য্যন্ত আমি অতিদোষী হৈ আছোঁ। আমাৰ নানা অপৰাধৰ কাৰণে আমাক, আমাৰ ৰজাসকলক, আৰু আমাৰ পুৰোহিতসকলক এই পৃথিৱীৰ ৰজাসকলে তেওঁলোকৰ তৰোৱালেৰে বন্দীত্ৱ লৈ নি আমাক লুটদ্রব্যৰ দৰে কৰিলে আৰু আমাৰ মূখ বিৱৰ্ণ হ’বলৈ শোধাই দিলে।
8 তথাপিও এতিয়া কিছু সময়ৰ কাৰণে, আমাৰ কিছুমান জীৱিত লোকৰ ওপৰত ঈশ্ৱৰ যিহোৱাৰ অনুগ্রহ অৱস্থিত হ’ল আৰু তেওঁৰ পবিত্র স্থানত নিৰাপদে আমাৰ ভৰি স্থিৰ কৰিলে। ঈশ্বৰে আমাৰ চকু দিপ্তিময় কৰা বাবে আৰু আমাক বন্দীত্বৰ পৰা অলপ সকাহ দিয়াৰ কাৰণে এই সকলো হ’ল।
9 আমি বন্দী হৈ আছিলোঁ, কিন্তু আমাৰ ঈশ্বৰে আমাক নাপাহৰিলে, তেওঁ আমাৰ বাবে বিশ্ৱাসৰ গুৰুত্বপূৰ্ণ প্রতিশ্রুতি আগবঢ়ালে। আমি ধংস হৈ যোৱা আমাৰ ঈশ্ৱৰৰ গৃহ যাতে পুনৰ নিৰ্ম্মাণ কৰিব পাৰোঁ, তাৰ বাবে পাৰস্যৰ ৰজাৰ দৃষ্টিত তেওঁ আমাক নতুন শক্তি দিলে। তেওঁ এইদৰে কৰিলে, তাতে আমি যিহূদা আৰু যিৰূচালেমত আমাৰ সুৰক্ষাৰ বাবে দেৱাল দিব পাতিলোঁ।
10 এতিয়া হে আমাৰ ঈশ্বৰ, ইয়াৰ পাছত আমি কি কব পাৰোঁ? কাৰণ আমি আপোনাৰ আজ্ঞাবোৰ এতিয়াও পাহৰি আছোঁ।
11 আপুনি আপোনাৰ ভাববাদী দাস সকলক আজ্ঞা দি যেতিয়া কৈছিল যে, এই যি দেশ তোমালোকে অধিকাৰ কৰিবলৈ প্রবেশ কৰিছা, সেইয়া অশুচি দেশ। তেওঁলোকৰ অশুচি আৰু ঘিণলগা কাৰ্যৰ দ্ৱাৰাই লোকসকলে ইমুৰৰ পৰা সিমুৰলৈকে সমগ্র দেশ দূষিত কৰি তুলিছে।
12 সেয়ে এতিয়া, তোমালোকৰ ছোৱালীক তেওঁলোকৰ পুত্রসকলৰ লগত বিবাহ নিদিবা, আৰু তেওঁলোকৰ ছোৱালীক তোমালোকৰ পুত্ৰলৈ নানিবা। আৰু তেওঁলোকৰ মঙ্গল আৰু উন্নতি নিবিচাৰিবা। সেয়ে তোমালোক বলৱন্ত হোৱা আৰু দেশৰ উত্তম বস্তু ভোগ কৰা, আৰু তোমালোকৰ সন্তান সকলে সদাকালৰ বাবে আধিপত্য লাভ কৰিবলৈ এইদৰে কৰা।
13 আমাৰ কু-ক্ৰিয়াবোৰৰ আৰু মহাদোষৰ কাৰণে আমালৈ ঘটা সকলো অমঙ্গলৰ পাছত, আমাৰ ঈশ্বৰ যি আপুনি, আপুনি আমাৰ অপৰাধৰ পাবলগা দণ্ড কম কৰি, আমাক জীৱিত কৰি ৰাখিলে।
14 আমি পুনৰ আপোনাৰ আজ্ঞা-লঙ্ঘন কৰিম, আৰু ঘিণলগা কাম কৰা লোকসকলৰ সৈতে বিবাহ কৰিম নে? আমাৰ মাজত অৱশিষ্ট আৰু পলাবলৈ কোনো এজনো নথকাকৈ আপুনি আমাক ক্রোধ আৰু সম্পূৰ্ণ ধংস নকৰিব নে?
15 হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপুনি ধৰ্মপৰায়ণ, কাৰণ আজি আমি অতি কম সংখ্যক ৰক্ষা পোৱা লোকহে অৱশিষ্ট আছোঁ। চাওক! আমি আমাৰ দোষেৰে সৈতে আপোনাৰ সাক্ষাতে আছোঁ, ইয়াৰ ফলত আমি কোনেও কোনে এজনো আপোনাৰ সাক্ষাতে থিয় হ’ব নোৱাৰোঁ।”