আদিপুস্তক
গ্রন্থ ৰচয়িতা
মোচি হ’ল ইহুদী ঐতিহ্য আৰু অন্যান্য বাইবেল সম্পর্কীয় লিখনি লিখা লিখকৰ নাম, এই জন ইস্রায়েলৰ ভাববাদী আৰু উদ্ধাৰকর্তা, একেদৰে সমস্ত পেণ্টাটিউকৰ লেখক; এয়ে হ’ল পুৰণিনিয়মৰ প্রথম পাঁচখন পুস্তক। তেওঁৰ শিক্ষা মিচৰৰ আদালতত হৈছিল (পাঁচনিৰ কর্ম 7:22) আৰু যিহোৱাৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্বন্ধ আছিল, ঈশ্বৰৰ সমর্থনৰ কাৰণে এয়া আছিল তেওঁৰ হিব্রু নাম। যীচুৱে নিজে মোচিৰ কৃতিত্বক নিশ্চিত কৰিছিল (যোহন 5:45-47), একেদৰে তেওঁৰ সময়ৰ ধর্মীয় শিক্ষক আৰু ফৰিচীসকলেও স্বীকাৰ কৰিছিল (মথি 19:7; 22:24)।
লিখাৰ স্থান আৰু সময়
প্রায় খ্রীষ্ট পূর্ব 1446 - 1405 ৰ মাজভাগত।
এটা সম্ভাব্য সম্ভাবনা আছে যে, ইস্ৰায়েলীসকলে যি বছৰবোৰ মৰুপ্ৰান্ত কটাই চিনয় উপত্যকাত অাছিল, সম্ভৱতঃ সেই সময়ত মোচিয়ে এই পুস্তক লিখিছিল।
প্রাপক
এই দর্শকসকল আছিল প্রথম ইস্ৰায়েলীসকল, তেওঁলোকে প্রতিজ্ঞাৰ দেশ কানানত প্রৱেশকৰা আগতে মিচৰত দাস হৈ আছিল আৰু তাৰ পৰা যাত্ৰা কৰি তেওঁলোকে কানানলৈ আহিছিল।
উদ্দেশ্য
মোচিয়ে এই পুস্তকত বাখ্যা কৰিছে তেওঁলোকৰ জাতিৰ “পৰিয়ালৰ ইতিহাস”। মোচিৰ আদিপুস্তক লিখাৰ উদ্দেশ্য আছিল কেনেকৈ মিচৰত দাসত্বত নিজে জাতিটোক বিচাৰি পাইছিল তাকে বাখ্যা কৰা (1:8), বাখ্যা কৰিছিল কিয় তেওঁলোকে প্রৱেশ কৰা সেই তেওঁলোকৰ “প্রতিজ্ঞাৰ দেশ” আছিল (17:8), ইস্রায়েলৰ ওপৰত যি ঘটিছিল, সেই সকলোৰে ওপৰত ঈশ্বৰত্ব দেখা আৰু মিচৰত তেওঁলোকৰ দাসত্ব কোনো দুর্ঘটনা নহয়, বৰং ই আছিল ঈশ্বৰৰ এক বৃহৎ পৰিকল্পনাৰ অংশ (15:13-16, 50:20), এইটো প্রত্যক্ষ হয় যে অব্রাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰে হ’ল যি এই পৃথিৱী সৃষ্টি কৰিছিল (3:15-16)। ইস্রায়েলৰ ঈশ্বৰ আন বহু দেৱতাবোৰৰ মাজৰ এজন নাছিল, কিন্তু তেওঁ আছিল স্বর্গ আৰু পৃথিৱীৰ সৃষ্টিকর্তা সর্বশক্তিমান।
মূল বিষয়
আৰম্ভণি
প্রান্তৰেখা
1. সৃষ্টি — 1:1-2:25
2. মানুহৰ পাপ — 3:1-24
3. আদমৰ বংশধৰ — 4:1-6:8
4. নোহৰ বংশধৰ — 6:9-11:32
5. অব্রাহামৰ ইতিহাস — 12:1-25:18
6. ইচহাক আৰু তেওঁৰ পুত্রসকলৰ ইতিহাস — 25:19-36:43
7. যাকোবৰ বংশধৰ — 37:1-50:26
1 অধ্যায়
প্রথম দিন
1 আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে।
2 পৃথিবীৰ আকাৰ নাছিল আৰু সম্পূর্ণ শূণ্য আছিল; তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিল আৰু ঈশ্বৰৰ আত্মাই সেই জলৰ ওপৰত উমাই আছিল।
3 ঈশ্বৰে ক’লে, “পোহৰ হওক,” তেতিয়া পোহৰ হ’ল।
4 ঈশ্বৰে পোহৰক অতি উত্তম দেখিলে; তেওঁ আন্ধাৰৰ পৰা পোহৰক পৃথক কৰিলে।
5 পাছত ঈশ্বৰে পোহৰৰ নাম “দিন” আৰু আন্ধাৰৰ নাম “ৰাতি” হ’ল। এইদৰে গধূলি হ’ল আৰু পুৱা হোৱাত এক দিন হ’ল। পাছত ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱা হোৱাত প্রথম দিন হ’ল।
দ্বিতীয় দিন
6 তাৰ পাছত ঈশ্বৰে ক’লে, “জলৰ মাজত ভাগ হৈ এক বিস্তৃত খালী অংশ হওঁক আৰু ই জলক দুভাগ কৰক।”
7 এইদৰে ঈশ্বৰে জলৰ মাজত এক খালী অংশৰ সৃষ্টি কৰিলে আৰু তলত থকা জল ভাগৰ পৰা ওপৰৰ জল ভাগক পৃথক কৰিলে; তাতে তেনেদৰেই হ’ল।
8 ঈশ্বৰে সেই বিস্তৃত খালী অংশৰ নাম “আকাশ” ৰাখিলে। গধূলি আৰু পুৱা হ’লত, দ্বিতীয় দিন হ’ল।
তৃতীয় দিন
9 তাৰ পাছত ঈশ্বৰে ক’লে, “আকাশৰ তলত থকা জল ভাগ এক ঠাইত আহি গোট খাওঁক আৰু শুকান ভূমি ওলাওক;” তেতিয়া তেনেদৰেই হ’ল।
10 ঈশ্বৰে শুকান ভূমিৰ নাম “স্থল” আৰু গোট খোৱা জল ভাগৰ নাম “সমুদ্ৰ” হ’ল; তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
11 ঈশ্বৰে ক’লে, “ভূমিয়ে ঘাঁহ-বন, শস্য উৎপাদনকাৰী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন কৰক; বিভিন্ন ধৰণৰ ভিতৰত গুটি থকা ফলৰ গছ স্থলভাগৰ ওপৰত গজি উঠক।” তাতে তেনেদৰেই হ’ল;
12 ভূমিত ঘাঁহ-বন, শস্যদায়ী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন হ’ল; বিভিন্ন ধৰণৰ ফলৰ গছ হ’ল আৰু ফলৰ ভিতৰত গুটি হ’ল। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
13 গধূলি আৰু পুৱা হোৱাৰ পাছত তৃতীয় দিন হ’ল।
চতুর্থ দিন
14 তাৰ পাছত ঈশ্বৰে ক’লে, “পোহৰ হ’বলৈ আকাশত অনেক জ্যোতিবোৰ হওঁক; সেই পোহৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইবোৰ বেলেগ বেলেগ ঋতু, দিন আৰু বছৰৰ চিন ৰূপে ব্যৱহাৰ হওঁক।
15 সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিবলৈ আকাশত প্ৰদীপস্বৰূপ হওঁক।” তেতিয়া তেনেদৰেই হ’ল।
16 ঈশ্বৰে দিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহা-জ্যোতি, আৰু ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ তাতকৈ এক ক্ষুদ্ৰ-জ্যোতি, এই দুই বৃহৎ জ্যোতি আৰু তৰাবোৰকো নিৰ্ম্মাণ কৰিলে।
17 ঈশ্বৰে সেইবোৰক আকাশৰ মাজত স্থাপন কৰিলে যাতে সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিয়ে;
18 দিন আৰু ৰাতিৰ ওপৰত অধিকাৰ চলায় আৰু আন্ধাৰৰ পৰা পোহৰক পৃথক কৰে। তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
19 গধূলি আৰু পুৱা হোৱাৰ পাছত চতুৰ্থ দিন হ’ল।
পঞ্চম দিন
20 তাৰ পাছত ঈশ্বৰে ক’লে, “বিভিন্ন প্রাণীৰে জল ভাগ পূর্ণ হওঁক আৰু পৃথিবীৰ ওপৰ ভাগত আকাশৰ মাজত চৰাইবোৰ উড়ি ফুৰক।”
21 এইদৰে ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
22 ঈশ্বৰে সেইবোৰক আশীৰ্ব্বাদ কৰি ক’লে, “বংশ বৃদ্ধি কৰি তোমালোকে নিজৰ সংখ্যা বঢ়াই তোলা আৰু সমুদ্ৰবোৰৰ পানী পৰিপূৰ্ণ কৰা; পৃথিবীৰ ওপৰত চৰাইবোৰেও নিজৰ সংখ্যা বৃদ্ধি কৰক।”
23 গধূলি আৰু পুৱা হোৱাৰ পাছত পঞ্চম দিন হ’ল।
ষষ্ঠ দিন
24 তাৰ পাছত ঈশ্বৰে ক’লে, “পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওঁক; ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানা বিধ বনৰীয়া জন্তু উৎপন্ন হওঁক।” তাতে তেনেকুৱাই হ’ল।
25 ঈশ্বৰে বিভিন্ন বনৰীয়া জন্তু, বিভিন্ন ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিভিন্ন প্ৰাণী নিৰ্ম্মাণ কৰিলে। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
প্রথম মনুষ্য নির্ম্মাণ
26 তাৰ পাছত ঈশ্বৰে ক’লে, “আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰোঁহক; তেওঁলোকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।”
27 তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ সৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানুহ সৃষ্টি কৰিলে; তেওঁ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে।
28 পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।”
29 ঈশ্বৰে ক’লে, “চোৱা, গোটেই পৃথিবীৰ ওপৰিভাগত গুটি উৎপন্ন কৰা গছ আৰু ভিতৰত গুটি থকা সকলো ফলধৰা গছ মই তোমালোকক দিলোঁ; সেয়ে তোমালোকৰ আহাৰ হ’ব।
30 সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলো প্রাণীৰ আহাৰৰ কাৰণে সকলো কেচাঁ বন দিলোঁ।” তাতে তেনেকুৱাই হ’ল।
31 পাছত ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চালে। সেইবোৰ চাই অতি উত্তম পালে। গধূলি আৰু পুৱা হোৱাৰ পাছত ষষ্ঠ দিন হ’ল।